Posts

Showing posts with the label Tarikuddin Ahmed

অমৰ গায়ক তৰিকুদ্দিন আহমেদৰ সোঁৱৰণত--- Remembering Evergreen Singer Tarikuddin Ahmed On His 30th Death Anniversary !

Image
‘ইমান ধুনীয়া মুকুতাৰ মালা’ৰ গায়কজন ' ... তৰিক দাদা ... বা তৰিকউদ্দিন আহমদ .... ( মৃত্যু - ২৯ . ৮ . ১৯৯০ )   সৰুকালৰ পৰা আমাৰ ঘৰত দেখি অহা কোমল মাত কথাৰ , .. গান গোৱা মানুহ জন .... মোৰ পিতৃৰ দৰে বা তাতকৈও বেছি মৰম কৰা এজন মৰমীয়াল লোক ।   মোক ' মা ', মাজনী ' , আইজনী কৈছিল । ইমান ভাল পাইছিলোঁ তেখেতক -- নাজানিছিলোঁ কত থাকে কি কৰে আদি .. আহিলেই ভাল পাইছিলোঁ । নিজৰ ছোৱালীৰ দৰে মোক মৰম কৰিছিল । পিতৃয়ে কেতিয়াবা খং কৰি কথা কৈছিল .. কিন্তু তেখেতে কেতিয়াও মোক টানকৈ কোৱা মনত নপৰে ।   গান বহুত দেৰিকৈ বুজিছিলো .. কিন্তু মোৰ মনত পৰা দিনৰ পৰা তেখেতক আমাৰ পৰিয়ালৰ এজন লোক বুলিয়েই মই বুজি লৈছিলো । পিতৃয়ে তেখেতক ' তৰিক দা ' কয় , মা , পেহী হতে ও কয় কাৰণে ময়ো সেইটোৱেই শিকিলো ।আইতাই নাম ধৰি মাতিছিল ।   ককা কমলানন্দ ভট্টাচাৰ্য্য ৰ দিনৰ পৰা তেখেত আমাৰ ঘৰুৱা লোক আছিল । অকল গানৰ সম্পৰ্ক