বোৱাৰীৰ দৃষ্টিত শহুৰদেউতা--অমূল্য কুমাৰ চক্ৰৱৰ্তীৰ ৯৩ সংখ্যক জন্মবাৰ্ষিকীত (Daughter-in-law On Father-in-law--On The Occasion Of The 93rd Birth Anniversary Of Amulya Kumar Chakravarty)!

( A Personal Post in Assamese language.) ' পিতৃপক্ষ ' বা ' শ্ৰাদ্ধ পক্ষ '... গণেশ চতুৰ্দশীৰ পিছত কৃষ্ণপক্ষৰ ১৫ দিন ' পিতৃ পক্ষ ' বা ' শ্ৰাদ্ধ পক্ষ ' নামেৰে প্ৰচলিত এই সময় খিনিত আন কোনো শুভ কাম নকৰা দেখিবলৈ পাইছিলোঁ মুম্বাইত ..... প্ৰতিপদৰ পৰা অমাৱস্যালৈকে প্ৰত্যেক ব্যক্তিয়ে নিজৰ প্ৰয়াত মাতা - পিতা , আৰু পূৰ্বজসকলৰ উপৰিও সমন্ধীয় লোক , গুৰু , বন্ধু - বান্ধৱৰো - তিথি বিশেষে সকলোৱে কৰা শ্ৰাদ্ধ কৃত্য দেখি অভিভূত হৈছিলোঁ । বছৰৰ যিকোনো মাহৰ যিকোনো তিথিত স্বৰ্গবাসী হোৱা সকলৰ বাবে কৃষ্ণ পক্ষৰ সেই তিথিত শ্ৰাদ্ধ কৰা নিয়ম আছে । পিতৃ পক্ষৰ দ্বিতীয়া তিথিত মোৰ পিতৃ স্বৰ্গবাসী হোৱাৰ পৰা তিথি মিলাই আমিও মুম্বাইত পিণ্ড দান কৰিবলৈ ললো। আৰু সেইখিনি কৰি পৰম শান্তি পোৱা যায় ।মন প্ৰসন্ন হয় । ... পিতৃ পক্ষৰ চতুৰ্দশীত ( ৬ অক্টোবৰ , ১৯৯১চনত ) শহুৰ দেউতা অমূল্য কুমাৰ চক্ৰৱৰ্তী স্বৰ্গবাসী হয় । পিণ্ড দান কৰি কিছু অনুভৱ মই প্ৰথমৰ পৰাই কৰিছিলোঁ । তেখেত ঢুকুৱাৰ পি