স্বাধীনতা সংগ্ৰামী বাউলীকবি কমলানন্দ ভট্টাচাৰ্য্য .🌺👏 Freedom Fighter Bauli Kavi Kamalananda Bhattacharyya...

🌺আমাৰ ককা -👏বাউলীকবি কমলানন্দ ভট্টাচাৰ্য্যদেৱৰ আজি ৭০ সংখ্যক পূণ্য তিথি । পুহমাহৰ কৃষ্ণা একাদশীত..,. ইংৰাজী ১৯৫১ চনৰ ৪ জানুৱাৰী তাৰিখে ৫৬ বছৰ বয়সত তেখেত স্বৰ্গবাসী হয় । সৰুৰে পৰা ককাৰ শ্ৰাদ্ধ দেউতাই কৰি অহা দেখি ককাক দেখা যেন লাগিছিল । এই দিন কেতিয়াও পাহৰিব নোৱাৰোঁ । নগাঁৱৰ ঘৰত সাংগীতিক পৰিবেশৰ মাজতে ককাক যেন পাইছিলোঁ । আজি ককাৰ গানেৰেই ককাক স্মৰণ কৰি পূজা দিলো। ।ককা আহি গান শুনিবলৈ ৰৈ থকা যেন লাগিল। ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত যোগদিয়াৰ পিছত ৯ মাহ কাৰাবৰণ কৰি তেখেতৰ স্বাস্থ্যৰ অবনতি ঘটিছিল । দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া এইজন ককা ...আমাৰ সকলোৰে ককা ..বাউলীকবি কমলানন্দ ভট্টাচাৰ্য্য দেৱৰ মৃত্যু হৈছিল মাতৃৰ সমুখত । সেইগৰাকী মাতৃৰ মানসিক শক্তি ৰ কথা আইতা আৰু দেউতাৰ পৰা বহুত শুনিছিলো । তেখেত আমাৰ আদৰ্শ । নিজৰ পুত্ৰ জেলত থাকোতে , আৰু পুত্ৰৰ মৃত্যুৰ পিছত ধৈৰ্য্য সহকাৰে ঘৰ চলাই নাতিক মানুহ কৰা এগৰাকী সাহসী মানুহ আছিল 'আই '... দেউতাৰ মৰমৰ আই । দেউতাৰ আদৰ্শ আমিও পালো । ১৯২১ চনত মহাত্মাগান্ধীৰ আহ্বানত গোটেই ভাৰতবৰ্ষ জুৰি যি অসহযোগ আন্দোলন